ওদালগুৰি, ১৪ জুলাই (হি.স.): ওদালগুৰি জিলাৰ ডিমাকুছি থানাৰ অন্তৰ্গত পূৱ বাৱৰীখাট গাঁৱৰ স্থায়ী বাসিন্দা ভদন বড়োৰ পত্নী মাজনী বড়ো (৩৬) বছৰ লগতে দুই পুত্ৰ সন্তানক এৰি পোন্ধৰ দিনৰ পৰা অন্তৰ্ধান হৈ আছে। ওচৰ চুবুৰীয়া, আত্মীয় কুটুম্বই মাজনী বড়োক অতি শীঘ্ৰে ঘৰলৈ উভতি আহিবলৈ আহ্বান জনাইছে।
এই সন্দৰ্ভত ডিমাকুছি থানাত নিৰুদ্দেশ হোৱা ঘটনাকলৈ এজাহাৰ দাখিল কৰা হয় বুলি জানিবলৈ দিয়ে মাজনী বড়োৰ স্বামী ভদন বড়োই। উল্লেখ্য যে, কোনো সদাশয় ব্যক্তিয়ে মাজনী বড়োৰ সন্ধান পালে ৮১৩১৮ ৬২০৭২ফোন নম্বৰত 81318 62072 তথা স্থানীয় প্ৰশাসনক জনাবলৈ অনুৰোধ জনাইছে দূৰ্ভগীয়া পৰিয়ালবৰ্গই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
