• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > লাচিত বৰফুকন আৰক্ষী একাডেমীত গোৱা আৰক্ষীৰ ৭০০ গৰাকী নিযুক্তিপ্ৰাপ্তৰ প্ৰশিক্ষণ, পাছ আউট পেৰেড সম্পন্ন
National

লাচিত বৰফুকন আৰক্ষী একাডেমীত গোৱা আৰক্ষীৰ ৭০০ গৰাকী নিযুক্তিপ্ৰাপ্তৰ প্ৰশিক্ষণ, পাছ আউট পেৰেড সম্পন্ন

CliQ INDIA
Last updated: August 12, 2025 7:35 pm
CliQ INDIA
Share
2 Min Read
SHARE

গোলাঘাট, ১২ আগষ্ট (হি.স.)। গোলাঘাট জিলাৰ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমী (এল বি পি এ)ত ৪৩ সপ্তাহৰ মৌলিক প্ৰশিক্ষণ পাঠ্যক্ৰমত গোৱা আৰক্ষীৰ ১ম, ২য় আৰু ৩য় ইণ্ডিয়া ৰিজাৰ্ভ বেটেলিয়নৰ মুঠ ৭০০ গৰাকী নিযুক্তিপ্ৰাপ্ত জোৱানে সফলতাৰে সমাপ্ত কৰে। মঙলবাৰে একাডেমী চৌহদত আয়োজন কৰা হয় এক গ্ৰেণ্ড পাছিং আউট পেৰেডৰ।

অনুষ্ঠানত গোৱাৰ মুখ্যমন্ত্রী ড০ প্রমোদ সাৱন্ত, অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, দুয়োখন ৰাজ্যৰ জ্যেষ্ঠ আৰক্ষী বিষয়া আৰু নিযুক্তিপ্ৰাপ্তসকলৰ পৰিয়ালৰ সদস্যসকল উপস্থিত থাকে৷ ২০২৪ চনৰ ৪ অক্টোবৰত বিশেষ ৰে’লযোগে এল বি পি এত উপস্থিত হোৱা এই নিযুক্তিপ্ৰাপ্তসকলে শাৰীৰিক ফিটনেছ, মানসিক শক্তি, ফিল্ড টেকটিক আৰু অস্ত্ৰ পৰিচালনাৰ দৰে কঠোৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। এই বেটচটো ঐতিহাসিক আছিল কাৰণ অসম, মণিপুৰ আৰু গোৱা আৰক্ষীৰ নিযুক্তিপ্ৰাপ্তসকলে একেলগে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। ইয়াৰ ফলত আন্তঃৰাজ্যিক সম্প্ৰীতি আৰু পেছাদাৰী বিনিময়ৰ প্ৰসাৰ ঘটিছিল।

পৰিয়াল আৰু বিষয়াৰ উপস্থিতিত অনুষ্ঠিত পেৰেডত নিযুক্তিপ্ৰাপ্তসকলে অনুশাসন আৰু নিখুঁততা প্ৰদৰ্শন কৰে। পেৰেডত জ্যেষ্ঠ বিষয়াসকলে পৰ্যালোচনা কৰে আৰু অনুষ্ঠানত শপত গ্ৰহণ, মাৰ্চ পাষ্ট, পুৰস্কাৰ বিতৰণ আৰু ‘পেন্থাৰছ অন হুইলছ’ ইউনিটৰ বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হয়। কিনকিনীয়া বৰষুণৰ মাজতো নিযুক্তি প্ৰাপ্তসকলৰ মনোবল তথা উৎসাহ লক্ষণীয় আছিল ।

এই উপলক্ষে গোৱাৰ মুখ্যমন্ত্ৰীয়ে নিযুক্তিপ্ৰাপ্তসকলৰ নিষ্ঠা আৰু প্ৰশিক্ষণৰ সময়ছোৱাত তেওঁলোকৰ ৰূপান্তৰক প্ৰশংসা কৰে। তেওঁ অনুশাসন, সততা আৰু জনসেৱাক আৰক্ষী সেৱাৰ মৌলিক স্তম্ভ বুলি অভিহিত কৰে। তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ সহযোগিতাৰ শলাগ লয়। লাচিত বৰফুকন পুলিচ একাডেমী দেশৰ অন্যতম আগশাৰীৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ। ইয়াৰ পৰা এতিয়ালৈকে হাজাৰ হাজাৰ নিযুক্তিপ্ৰাপ্তক প্ৰশিক্ষণ দিয়া হৈছে।

हिन्दुस्थान समाचार / Manoj Kumar Saikia

You Might Also Like

ভগৱান মহাবীৰৰ চিন্তাধাৰা এতিয়াও দেশ আৰু বিশ্বত প্ৰাসংগিক: ওম বিৰলা
প্ৰধানমন্ত্ৰীকে ধৰি কেইবাগৰাকীও নেতাৰ ছোনিয়া গান্ধীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন
ভাৰত-ৰাছিয়াৰ মাজত দিল্লীৰ হায়দৰাবাদ হাউচত আজি ২৩ তম সন্মিলন, কেইবাখনো দেশৰ দৃষ্টি নিৱদ্ধ
দ্বিতীয় পৰ্যায়ৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ৪০ ষ্টাৰ প্ৰচাৰকসকলৰ তালিকা প্ৰকাশ
আজি প্ৰধানমন্ত্ৰী মোদীৰ 'মন কি বাত'কাৰ্যসূচী, পুৱা ১১ বজাৰ পৰা সম্প্ৰচাৰ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article বেলুচিস্তানত পাকিস্তানী সেনাৰ ওপৰত আক্ৰমণ, ছয় জোৱান নিহত
Next Article বনৰীয়া হাতীৰ আক্ৰমণত নিহত যুৱতী
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?