– আৰোগ্যৰ হাৰ ৯৮.৮১ শতাংশ
নতুন দিল্লী, ১০ ডিছেম্বৰ (হি.স.)। ভাৰতত কোভিড-১৯(কৰোনা) ভাইৰাছৰ সংক্ৰমণৰ ঘটনা অব্যাহত আছে। শেহতীয়াকৈ এই সংক্ৰমণ বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা আজি দেওবাৰে সদৰি কৰা তথ্যমতে ভাৰতত বিগত ২৪ ঘন্টাত কৰোনা ভাইৰাছত নতুনকৈ ১৬৬ জন লোক আক্ৰান্ত হৈছে। ইফালে ভাৰতত কৰোনাত নতুনকৈ কোনো লোকৰ মৃত্যু তথ্য সন্নিবিষ্ট হোৱা নাই। আনহাতে ভাৰতত কৰোনা ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে ৪.৪৪ কোটিৰো অধিক আক্ৰান্তই। ভাৰতত কৰোনা আক্ৰান্তৰ পৰা আৰোগ্য লাভৰ হাৰ ৯৮.৮১ শতাংশ হৈছেগৈ।
স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা সদৰি কৰা অনুসৰি আজি দেওবাৰে পুৱা ৮ বজালৈ সুস্থ হৈ উঠিছে ৪,৪৪,৬৮,৮৫৪ জন লোক। বিগত ২৪ ঘন্টাত সুস্থ হয় ৭৯ জন লোক। ইফালে ভাৰতত কৰোনা সংক্ৰমিত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৩৩,৩০৬ জন(১.১৯ শতাংশ)লৈ বৃদ্ধি পাইছে। সম্প্ৰতি সমগ্ৰ দেশত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা হৈছে ৮৯৫ জন। যিটো মুঠ সংক্ৰমণৰ ০.০১ শতাংশ।
ইফালে দেশত বৰ্তমানলৈকে ব্যাপক টীকাকৰণ অভিযানৰ অধীনত আজি দেওবাৰৰ পুৱা ৭ বজালৈ মুঠ কৰোনা টীকাকৰণ কৰা লোকৰ সংখ্যা ২২০,৬৭,৭৮,৪৫৩ জনলৈ বৃদ্ধি পাইছে। বিগত ২৪ ঘন্টা(শনিবাৰ)ত দেশত বুষ্টাৰ বা সতৰ্কতামূলক পালি আৰু ১৮ বছৰৰ উৰ্ধৰ তথা ১৫ৰ পৰা ১৭ বছৰ বয়সৰ উপৰি ১২-১৪ বছৰৰ চেমনীয়াসকলকে ধৰি মুঠ ১১৪ জনক কৰোনা টীকা প্ৰদান কৰা হৈছে।
হিন্দুস্থান সমাচাৰ/মনোজ/অৰবিন্দ
