-ভাৰতক বিদেশী শাসনৰ পৰা মুক্ত কৰাত গান্ধীজীয়ে পালন কৰিছিল কেন্দ্ৰীয় ভূমিকা
নতুন দিল্লী, ১০ ডিছেম্বৰ (হি.স.)। নতুন দিল্লীৰ ৰাজঘাটৰ সমীপৰ গান্ধী দৰ্শন আৰু স্মৃতি কমপ্লেক্সত দেওবাৰে মহাত্মা গান্ধীৰ ১০ ফুট ওখ প্ৰতিমূৰ্তি উন্মোচন কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। ভাষণত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এই প্ৰতিমূৰ্তিটোক বিদেশী শাসনৰ পৰা ভাৰতক মুক্ত কৰাত কেন্দ্ৰীয় ভূমিকা গ্ৰহণ কৰা আৰু সমাজৰ দুৰ্বল শ্ৰেণীৰ উত্থানৰ বাবে কাম কৰা জাতিৰ পিতৃৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি বুলি অভিহিত কৰে, যাতে তেওঁলোকে এটা মৰ্যাদাপূৰ্ণ জীৱন জীয়াই থাকিব পাৰে ।
ৰাজনাথ সিঙে কয় যে গান্ধীজীয়ে এটা শক্তিশালী, সমৃদ্ধিশালী আৰু নিকা ভাৰতৰ কল্পনা কৰিছিল। তেওঁ জোৰ দি কয় যে মহাত্মা গান্ধী এতিয়াও প্ৰতিজন ভাৰতীয়ৰ হৃদয়ত বাস কৰে। মাৰ্টিন লুথাৰ কিং জুনিয়ৰ আৰু নেলছন মেণ্ডেলাৰ দৰে মহান নেতাই নিজ নিজ দেশৰ জনসাধাৰণৰ মংগলৰ বাবে গান্ধীজীৰ চিন্তা আৰু দৃষ্টিভংগীৰ পৰা প্ৰেৰণা লৈছিল। মহাত্মা গান্ধী, বাবা চাহেব ড° বি আৰ আম্বেদকাৰ আৰু পণ্ডিত দীনদয়াল উপাধ্যায়ক স্মৰণ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোক সকলোৱে দেশপ্ৰেম আৰু দায়বদ্ধতাৰে সমাজৰ শেষ পৰ্যায়ত থিয় দিয়া শ্ৰেণীসমূহৰ উত্থানৰ বাবে কাম কৰিছিল। তেওঁ কয় যে আমাৰ মতাদৰ্শ হৈছে শান্তি, সামাজিক সম্প্ৰীতি, ঐক্য আৰু উন্নয়নৰ ওপৰত ভিত্তি কৰি পৰিৱৰ্তন অনা।
গান্ধীজীক কেৱল স্বাধীনতা সংগ্ৰামী নহয়, অৰ্থনৈতিক চিন্তাবিদ বুলিও অভিহিত কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ চৰকাৰ ক্ষমতালৈ অহাৰ পৰাই আমাৰ প্ৰয়াস কেৱল জনসাধাৰণৰ দুৰ্বল শ্ৰেণীক উন্নীত কৰাই নহয়, তেওঁলোকক সৱলীকৰণৰ বাবেই হৈছে। প্ৰান্তীয় শ্ৰেণীক দেশৰ সৰ্ববৃহৎ আকাংক্ষিত শ্ৰেণী বুলি অভিহিত কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া তেওঁলোকৰ পৰিচয়ৰ বাবে নতুন শব্দভাণ্ডাৰৰ মুদ্ৰাকৰণৰ সময় আহি পৰিছে, যিয়ে এই শ্ৰেণীসমূহৰ আকাংক্ষাক সংজ্ঞায়িত কৰিব পাৰে।
ৰাজনাথ সিঙে কয় যে এসময়ত নাৰীৰ লগত অবলা (দুৰ্বল)ৰ দৰে শব্দ ব্যৱহাৰ কৰা হৈছিল, কিন্তু এতিয়া অবলাৰ ঠাইত শক্তি আহিল, কাৰণ আমি আমাৰ নাৰীৰ প্ৰকৃত শক্তিক চিনি পাইছো। কেৱল নিৰ্বাচিত হৈ ৰাজনীতিত প্ৰৱেশ কৰাই নহয়, মাতৃভূমি ৰক্ষাৰ বাবে সশস্ত্ৰ বাহিনীত যোগদান কৰিছে। নাৰী শক্তি বন্দন আইন গৃহীত হৈছিল নাৰীক ৰাজনৈতিক অধিকাৰ প্ৰদানৰ বাবে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে দেশখনক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে সততা আৰু নিষ্ঠাৰে জনসাধাৰণৰ সেৱা অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে। তেওঁ কয় যে এয়া মহাত্মা গান্ধীৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি হ’ব।
হিন্দুস্থান সমাচাৰ/সূনীত/মনোজ/অৰবিন্দ
