নতুন দিল্লী, ১৬ ডিছেম্বৰ (হি.স.)। আজি শনিবাৰে ৰাষ্ট্ৰপতি ভৱনত ওমানৰ চুলতান হাইথাম বিন তাৰিকক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়। ৰাষ্ট্ৰপতি ভৱনৰ চোতালত অনুষ্ঠিত এক অনুষ্ঠানত ওমানৰ চুলতান হাইথাম বিন তাৰিকক গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয়। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক আদৰণি জনায়।
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ আমন্ত্ৰণত আজিৰে পৰা ভাৰতলৈ চৰকাৰী ভ্ৰমণলৈ আহিছে চুলতান হাইথাম বিন তাৰিক। তেওঁৰ লগত জ্যেষ্ঠ মন্ত্ৰী আৰু বিষয়াকে ধৰি এক উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো আহিছে। চুলতান হাইথাম বিন তাৰিকৰ এই প্ৰথম ভ্ৰমণ ভাৰত আৰু ওমান ৰাষ্ট্ৰৰ কূটনৈতিক সম্পৰ্কত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। বিয়লি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতেও দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। এই সময়ছোৱাত তেওঁৰ সন্মানত দুপৰীয়াৰ আহাৰৰো আয়োজন কৰা হৈছে।
হিন্দুস্থান সমাচাৰ/সুশীল/মনোজ
