ধুবুৰী, ২৮ আগষ্ট (হি.স.): ধুবুৰীৰ ফুটকিবাৰীত যোৱা কালি বুধবাৰে বিয়লি বিভিন্ন উন্নয়নমূলক কামৰ শুভ উন্মোচন কৰা হয়। কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ আবণ্টিত কেইবা লাখ টকা ব্যয় সাপক্ষে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱেশ ৰায় ডাঙৰীয়াৰ উপস্থিতিত ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথ ডাঙৰীয়াই ফুটকিবাৰীত অৱস্থিত বীৰ চিলাৰায় ভৱন (জিম চেণ্টাৰ )শুভ উন্মোচন কৰে।
আনহাতে মা কালী মন্দিৰ চৌহদৰ দেৱালৰ নিৰ্মাণ কামৰ শুভ উন্মোচন কৰে, মেধিপাৰা গাঁৱৰ হৰি মন্দিৰৰ পুনৰ নিৰ্মাণ আৰু মাটি পুৰোৱাৰ কামৰ শুভ উন্মোচন কৰাৰ লগতে গাহৰি পালনৰ প্ৰশিক্ষণ কেন্দ্ৰৰ মুকুলি অনুষ্ঠানৰ শুভ উন্মোচন কৰা দেখিবলৈ পোৱা যায়। ধুবুৰী জিলাৰ জিলা আয়ুক্ত শ্ৰীযুত দিবাকৰ নাথে উক্ত অনুষ্ঠান সমূহৰ শুভ উন্মোচন কৰি কেইবাটাওঁ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ।
আনহাতে উক্ত অনুষ্ঠানত কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ মূখ্য কাৰ্য্যবাহী সদস্য জীৱেশ ৰায়ে ৰাইজক উদ্দেশ্যে গুৰুত্বপূণ ভাষণ প্ৰদান কৰে। উক্ত অনুষ্ঠানত কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ কাৰ্য্যকতাৰ সকলোৰ লগতে বিভিন্ন জাতীয়- জনজাতীয় দল -সংগঠনকে ধৰি কেইবা শতাধিক ৰাইজ উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
