গুৱাহাটী, ০৮ ফেব্ৰুৱাৰী: ১৯৯৭ চনতে স্থাপিত ডিমৰীয়া সাংবাদিক সন্থাৰ হ’ল এটি স্থায়ী ঠিকনা। বৃহস্পতিবাৰে সোণাপুৰৰ নতুন বজাৰত আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হ’ল ডিমৰীয়া সাংবাদিক সন্থাৰ স্থায়ী কাৰ্যালয়ৰ।
পুৱা পূজা-অৰ্চনাৰ অন্তত ফিটা কাটি কাৰ্যালয়টিৰ শুভ উদ্ধোধন কৰে অসম পণ্যগাৰ নিগমৰ উপাধ্যক্ষ ড০ তপন দাসে। অনুষ্ঠানত সহকাৰী আৰক্ষী আয়ুক্ত নিখিল ৰাজখোৱা, ষ্টাৰ চিমেন্টৰ জ্যেষ্ঠ বিষয়া প্ৰদীপ পুৰোহিত, সোণাপুৰ মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক দ্বয় ড০ ধৰ্মৰাম ডেকা আৰু বিমান পাটোৱাৰী, ডিমৰীয়াৰ বিশিষ্ট সমাজকৰ্মী দিলীপ বৈষ্ণৱৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এখনি সভাও অনুষ্ঠিত হয়, য’ত অঞ্চলটোৰ বিভিন্ন দল-সংগঠনৰ নেতাৰ লগতে বিভিন্ন বিভাগৰ বিষয়াক সম্বৰ্ধনা আগবঢ়োৱা হয়।
