কুপৱাৰা, ২৮ আগষ্ট (হি.স.)। জম্মু-কাশ্মীৰৰ কুপোৱাৰা জিলাত কৰ্তব্যৰত অৱস্থাত এজন জোৱানে প্ৰাণ আহুতি দিলে। বৃহস্পতিবাৰে সেনাই এই তথ্য প্ৰদান কৰে।
শ্ৰীনগৰস্থিত সেনাবাহিনীৰ চিনাৰ কৰ্পছে টুইটাৰযোগে প্ৰকাশ কৰিছে যে কুপৱাৰা জিলাত অপাৰেচনেল ডিউটিৰ সময়ত সাহসী হাবিলদাৰ ইকবাল আলীৰ সৰ্বোচ্চ বলিদানক চিনাৰ কৰ্পছে সন্মান জনায়। তেওঁৰ সাহস আৰু সমৰ্পণে আমাক সদায় অনুপ্ৰাণিত কৰিব।
সেনাই কয় যে চিনাৰৰ যোদ্ধাসকলে জোৱানজনৰ বীৰত্ব আৰু ত্যাগক প্ৰণাম জনাইছে। আমি শোকসন্তপ্ত পৰিয়ালটোৰ সৈতে সংহতিৰে থিয় দিছো আৰু তেওঁলোকৰ কুশল মংগলৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
