তিনিচুকীয়া, ১৭ জানুৱাৰী (হি.স.): আজি সমগ্ৰ অসমতে পালিত হৈছে শিল্পী দিৱস। জ্যেতিপ্ৰসাদ আগৰৱালাই অসমৰ বাৰেবৰণীয়া জাতি-জনগোষ্ঠীক সাংস্কৃতিকভাৱে ঐক্যবদ্ধ কৰি মহান অসমীয়া জাতি নিৰ্মাণৰ প্ৰয়াস কৰিছিল। তেওঁ ধৰ্মৰ নামত, ভাষাৰ নামত, সম্প্ৰদায়ৰ নামত ভৌগোলিক পৰিসীমাৰ ভেদাভেদ বিচৰা নাছিল। আজি ৰাতিপুৱা ডিগবৈ লুইত শিল্পী সমাজৰ চৌহদত নতুন সাহিত্য পৰিষদ আৰু নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ উদ্যোগত আৰু চিৰসেউজ শিল্পী গোষ্ঠীৰ সহযোগত গীতে-মাতে জ্যেতি দিৱস পালন কৰা হয়।
নতুন সাহিত্য পৰিষদ ডিগবৈ শাখাৰ সভাপতি দিপালী খাউণ্ড বৰ্মণে আঁতধৰা অনুষ্ঠানত শিল্পী সকলে গীত-মাত, কবিতা আবৃত্তি কৰি শিল্পী দিৱস পালন কৰে।শিক্ষাবিদ দিপক দেৱে বন্তি প্ৰজ্বলন,শিল্পী প্ৰণতি চৌধুৰী, দিলীপ ভট্টাচাৰ্য্যই পুস্পাঞ্জলী অৰ্পণ কৰি কাৰ্য্যসূচী শুভাৰম্ভ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
