কোকৰাঝাৰ, ০৬ নৱেম্বৰ (হি.স.):কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ফকিৰাগ্ৰামৰ ফকিৰাগ্ৰাম কলা -সংস্কৃতি বিকাশ মঞ্চৰ উদ্যোগত ফকিৰাগ্ৰাম ছহীদ বেদী তিনি আলিত সুধাকন্ঠ ড: ভূপেন হাজৰিকাৰ দ্বাদশ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে দেওবাৰে সন্ধিয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন কৰে। কাৰ্যসূচী মতে ছদীদ বেদীত বন্তি প্ৰজ্বলন কৰে ফকিৰাগ্ৰাম শাখা সাহিত্য সভাৰ সভাপতি জ্যোতিষ চন্দ্ৰ নাথে।
সুধাকন্ঠ ড: ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে কোকৰাঝাৰ জিলা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি খনিন চন্দ্ৰ ৰায়ে। উপস্থিত থাকি বক্তব্য আৰু গীত পৰিৱেশন কৰে ফকিৰাগ্ৰাম থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুশীল চেত্ৰীয়ে। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শিক্ষক সমাজকৰ্মী গোপাল সাহা, সমাজকৰ্মী অমিতাভ সাহা, ফকিৰাগ্ৰাম কলা -সংস্কৃতি বিকাশ মঞ্চৰ সভাপতি ধ্ৰুৱ কুমাৰ মেধি, সম্পাদক পীযুষ চৌধুৰী আদি লোকসকল উপস্থিত থাকে। কালি সন্ধিয়া আমন্ত্ৰিত আৰু স্থানীয় কেবাজনো আমন্ত্ৰিত শিল্পীয়ে ড: ভূপেন হাজৰিকাৰ গীত পৰিবেশন কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
