ডিব্ৰুগড়, ২৩জুন (হি.স.)। মৰাণৰ ঝলমত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱাৰ ভাগত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয় ৷ পুৱা ধাৰাসাৰ বৰষুণৰ মাজতে ঘাইপথত এজন ব্যক্তি পৰি থকা প্ৰত্যক্ষ কৰি স্থানীয় লোকে মৰাণ আৰক্ষীক খৱৰ দিয়ে ৷ মৰাণ আৰক্ষীয়ে ততাতৈয়াকৈ লোকজনক উদ্ধাৰ কৰি মৰাণ-তিলৈ সামূহিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷
বৰ্তমানলৈকে পৰিচয় উদ্ধাৰ নোহোৱা লোকজনৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়ৰ এএমচিএইছ লৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷ পৰিচয় উদ্ধাৰ নোহোৱা মৃতদেহটো ৭২ ঘন্টা এএমচিএইছ-ৰ মৰ্গত ৰখা হ’ব ৷ আজি পুৱাৰ ভাগত ৰাষ্ট্ৰীয় ঘাইপথটো পাৰ হ’বলৈ চেষ্টা কৰোতে কোনো অচিনাক্ত বাহনে খুন্দিওৱাৰ ফলতে ব্যক্তিজনৰ মৃত্যু হয় বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী আৰু স্থানীয় লোকে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
