কোকৰাঝাৰ, ১৩ নৱেম্বৰ (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ তেলিপাৰা স্থিত কোকৰাঝাৰ কৃষি বিজ্ঞান কেন্দ্ৰ চমুকৈ কে ভি কেৰ বাকৰিত যোৱাকালি বুধবাৰে দিনজোৰা কাৰ্য্যসূচীৰে কৃষি মেলা আৰু প্ৰদৰ্শনীমূলক বিক্ৰী প্ৰদৰ্শনৰ আয়োজন কৰা হয় ৷ উদ্যান শস্য আৰু কৃষি পদ্ধতি গৱেষণা মহাবিদ্যালয়ৰ চতুৰ্থ ষাম্মহিকৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা আয়োজিত উক্ত মেলাৰ আদিতে বন্তি প্ৰজ্বলন কৰে এছ এছ বিৰ উপ কমাণ্ডাৰ সুৰেশ দিঘাৰে আৰু এল এন সিঙে ৷ ইয়াৰ পাচতে প্ৰয়াত মহান শিল্পী জুবিন গাৰ্গৰ প্ৰতিকৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।
ভাৰতীয় কৃষি পৰিষদৰ অন্তৰ্গত গ্ৰাম্য উদ্যান শস্য কৰ্ম অভিজ্ঞতা কাৰ্যসূচীৰ এটা অংশ হিচাপে এই কাৰ্য্যসূচী ৰূপায়ন কৰা হয়। হিমাশ্ৰী শৰ্মা আৰু হিমাশ্ৰী দাসে যৌথভাবে আতধৰা অনুষ্ঠানত মহকুমা কৃষি বিষয়া নিৰঞ্জন হাজোৱাৰী,জিলা কৃষি বিষয়া সমেশ্বৰ কুমাৰ বাৰ্মা, কেভিকেৰ ভাৰপ্ৰাপ্ত মুখ্য বিজ্ঞানী ড° সুনীল কুমাৰ পাল, কনিষ্ঠ বিজ্ঞানী ড° বিনোদ কুমাৰ উপাধ্য়ায়, ড° চয়নিকা লহকৰ, কেভিকেৰ বিষয়বস্তু বিশেষজ্ঞা পৰ্ণা শৰ্মা চক্ৰবৰ্তী, নলবাৰী উদ্যান বিজ্ঞান আৰু কৃষি পদ্ধতি গৱেষণা মহাবিদ্যালয়ৰ অধ্যাপক ড° প্ৰশান্ত মিশ্ৰা আৰু ড° মনোজ কুমাৰ ভূঞা, গোসাইগাঁও পশু পালন আৰু পশু চিকিসা বিষয়া ড° পংকজ চক্ৰৱৰ্তীৰ লগতে স্থানীয় বিশিষ্ট ব্যক্তি আৰু কৃষক ৰাইজ উপস্থিত থাকে । অনুষ্ঠানত ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা নৃত্য গীত পৰিবেশন কৰাৰ লগতে বিভিন্ন প্ৰতিষ্ঠান তথা বেচৰকাৰী সংস্থাৰ দ্বাৰা প্ৰদৰ্শনী মূলক বিপনী খোলা হয় ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
