নগাঁও, ১৯ জুন (হি.স.)। কামপুৰ কচুৱা জুৰিৰপাৰৰ একে গাঁৱৰ দুগৰাকী কিশোৰ সন্ধানহীন । কচুৱা থানাৰ অন্তৰ্গত জুৰিৰপাৰৰ একে গাঁৱৰ দুগৰাকীকৈ কিশোৰ সন্ধানহীন হোৱাত অঞ্চল জুৰি তীব্ৰ চাঞ্চলৰ সৃষ্টি হৈছে। তিনিদিন ধৰি সন্ধানহীন হৈ আছে কিশোৰ দুগৰাকী। পৰিয়ালৰ লোকে বিভিন্ন স্থানত বিচাৰিও কোনো সন্ধান উলিয়াব পৰা নাই কিশোৰ দুগৰাকীৰ । সন্ধানহীন কিশোৰ দুগৰাকী ১৪ বছৰীয়া ৰকিবুল হুছেইন আৰু ১৫ বছৰীয়া মুচফিকুৰ ৰহমান।
সন্ধানহীন কিশোৰ দুগৰাকীৰ কিবা সম্ভেদ পালে স্থানীয় আৰক্ষী থানাত যোগাযোগ কৰিবলৈ আহ্বান জনায় পৰিয়ালৰ লোকে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
