হাইলাকান্দি, ১৯ ছেপ্টেম্বৰ (হি.স.)।
শাৰদীয় দুৰ্গা পুজা লৈ মাজত মাত্ৰ কেইটামান দিন বাকী । এই উপলক্ষে মৃৎশিল্পী সকল ব্যস্ত হৈ পৰিছে দুৰ্গা প্ৰতিমা নিৰ্মানত। হাইলাকান্দিৰ জিলাৰ ও মৃৎশিল্পী সকলো ব্যস্ত হৈ পৰিছে প্ৰতিমা নিৰ্মানৰ কামত ।
হাইলাকান্দি চহৰৰ কোচবিহাৰ শিল্পালয়ৰ মৃৎশিল্পী সকলে দিনে ৰাতিয়ে দুৰ্গা প্ৰতিমা নিৰ্মানৰ কামত ব্যস্ত হৈ আছে বুলি জনাইছে কোচবিহাৰ শিল্পালয়ৰ স্বতাধিকাৰী হৰি পালে। শিল্পী গৰাকীয়ে কয় এইবেলী তেওঁলোকে ২৫ খন দুৰ্গাপুজা কমিটিৰ দুৰ্গা প্ৰতিমা নিৰ্মান কৰিব আৰু তাৰ বিতৰত বিগ বাজেটৰ পুজা কমিটিৰ প্ৰতিমা নিৰ্মান কৰি আছে তেওঁলোকে।
মৃৎশিল্পী গৰাকীয়ে আৰু কয় যে দিন দিন প্ৰতিমা নিৰ্মানৰ কাপোৰ, আ অলংকাৰ, গহণা, ৰং আদিৰ দাম বাঢ়িছে যদিও প্ৰতিমাৰ দাম বৃদ্ধি হোৱা নাই । যাৰ ফলত তেওঁলোকৰ বহু অসুবিধাৰ সম্মুখীন হ’ব লগা হৈছে, তথাপিও তেওলোকে প্ৰতিমা নিৰ্মান কৰি আছে ।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
