
তামুলপুৰ, ০৫ নৱেম্বৰ (হি স)। পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথো আৰু কেইটামান দিন বাকী ৷ এনে এক সময়ত ৰাজ্যৰ আন আন ঠাইৰ লগতে তামুলপুৰতো মৃৎ শিল্পী সকল ব্যস্ত হৈ পৰিছে দীপাৱলীক লৈ ৷ তামুলপুৰৰ বিনোৱাপুৰৰ পালবস্তীত এতিয়া সীমাহীন ব্যস্ততা শিল্পটোৰ স’তে জৰিত পুৰুষ মহিলা সকল ৷ শিল্পী সকলে দিনে নিশাই মাটিৰ চাকি তৈয়াৰ কৰাত ব্যস্ত ৷
চাক ঘুৰাই শ শ মাটিৰ সৰু বৰ চাকি তৈয়াৰ কৰাৰ উপৰিও দিপাবলীত ব্যৱহৃত পূজা পাতলৰ বাবে প্ৰয়োজনীয় মাটিৰ বাচন তৈয়াৰ কৰি আছে এই শিল্পী সকলে ৷ পৰম্পৰাগত ভাৱে গাঁৱ খনৰ দহ পোন্ধৰটা পৰিয়ালে আজু ককাৰ দিনৰে পৰাই শিল্পটোৰ লগত জৰিত যদিওঁ সম্প্ৰতি বয় বস্তুৰ চৰা দামে শিল্পটোৰ সৈতে জৰিত লোক সকলক কিছু চিন্তিত কৰি তুলিছে ৷ শিল্পটোত ব্যৱহাৰ কৰা মাটি চৰা দামত গুৱাহাটীৰ আশ পাশৰ পৰি নতুবা পাঠশালাৰ পৰা গাড়ীৰে আনিব লাগে ৷ মাটিৰ চৰা দাম হোৱাত সমস্যাত পৰিছে যদিওঁ শিল্পী সকলে নিজৰ শিল্প কৰ্ম চলাই আহিছে ৷ তামুলপুৰৰ দহ পোন্ধৰ খন হাট বজাৰত মাটিৰ চাকি বিক্ৰী কৰি আহিছে ৷ শিল্পটোক জীয়াই ৰাখিবলৈ চৰকাৰী সাহায্যৰে বাবেও আহ্বান জনাইছে শিল্পীসকলে ৷
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
