কোকৰাঝাৰ, ০৫ নৱেম্বৰ (হি.স.): বিশিষ্ট অভিনেতা যতীন বৰাৰ ৰাঘৱ ছবি চাবলৈ কোকৰাঝাৰত দৰ্শকৰ হেতা ওপৰাৰ সৃষ্টি হৈছে। যিমানেই এচামে বিতৰ্ক নকৰক কিয় ৰাঘৱ চিনেমাই দৰ্শক ৰাইজৰ সঁহাৰি পাবলৈ সক্ষম হৈছে৷ কোকৰাঝাৰ গল্ড ডিজিটেল চিনেমা হলত কালি বিয়লি চাৰি বজাৰ দৰ্শনীত যথেষ্ট ৰাইজৰ ভিৰ হোৱা পৰিলক্ষিত হয়৷
উল্লেখ্য যে “ৰাঘৱ এখন শক্তিশালী আৰু মন চুই যোৱা ছবি, য’ত এজন যুৱকে পৃথিৱীত নিজৰ স্থান বিচাৰি উলিওৱাৰ বাবে যথেষ্ট সংগ্ৰাম কৰিব লগা হৈছে ৷ কাহিনীটো সেইটোৱে দেখুওৱা হৈছে। ছবিখনৰ দৃশ্যগ্ৰহণ সুন্দৰকৈ কৰা হৈছে আৰু ইয়াত কিছুমান আচৰিত ধৰণৰ চিনেমেট’গ্ৰাফী আছে। অভিনয় সকলো উৎকৃষ্ট,অসমীয়া চিনেমাৰ প্ৰতি আগ্ৰহী বা জটিল সামাজিক সমস্যাৰ সৈতে জড়িত ছবিৰ প্ৰতি আগ্ৰহী ব্যক্তিৰ বাবে ৰাঘৱ এখন চাবলগীয়া ছবি।”ছবিখনত যতীন বৰাৰ লগতে মন চুই যোৱা ধৰনে ছবিখনত সকলোৱে সুন্দৰ অভিনয় কৰিছে ৷ ৰাঘৱ এনে এখন ছবি যত অসমীয়া চিনেমা পুনৰ যেন প্ৰান পাই উঠিছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
