গুৱাহাটী, ০৫ ছেপ্টেম্বৰ (হি.স.)। শিক্ষক দিৱস উপলক্ষে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মহান দাৰ্শনিক ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
মুখ্যমন্ত্ৰীয়ে কয় যে সনাতন সংস্কৃতিত গুৰুক পৰম ব্ৰহ্মৰ সমান বুলি গণ্য কৰা হৈছে। দেশৰ সৰ্বোচ্চ পদ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা ড° ৰাধাকৃষ্ণনৰ দৰে পণ্ডিত এজনৰ জন্মদিন শিক্ষক দিৱস হিচাপে উদযাপন কৰাটো আমাৰ বাবে গৌৰৱৰ বিষয়।
এই উপলক্ষে তেওঁ সমগ্ৰ দেশৰ সকলো শিক্ষক-শিক্ষয়িত্ৰীলৈ গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰি সমাজ আৰু ভৱিষ্যত প্ৰজন্মৰ নিৰ্মাণত শিক্ষকসকলে অমূল্য অৱদান আগবঢ়াইছে বুলিও ব্যক্ত কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
