গুৱাহাটী, ২০ ডিচেম্বৰ (হি.স.)। অসম বিধানসভাৰ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই বাংলাদেশত দিপু চন্দ্ৰ দাস নামৰ এজন যুৱকৰ নৃশংস হত্যাকাণ্ডক তীব্ৰ গৰিহণা দিয়ে। এই ঘটনাক অমানৱীয় আৰু মানৱ অধিকাৰৰ গুৰুতৰ উলংঘা বুলি অভিহিত কৰি তেওঁ ভাৰত চৰকাৰক শীঘ্ৰে কূটনৈতিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
দেৱব্ৰত শইকীয়াই কয় যে ভাৰতে ৰাষ্ট্ৰসংঘকে ধৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত এই বিষয়টো উত্থাপন কৰিব লাগে আৰু বাংলাদেশত সংখ্যালঘু হিন্দুসকলৰ সুৰক্ষা সুনিশ্চিত কৰিব লাগে।
তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ভাৰতৰ বিশ্ব কূটনৈতিক প্ৰভাৱ ব্যৱহাৰ কৰি সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ কৰি হিন্দু সমাজক আশ্বস্ত কৰিবলৈ আহ্বান জনায়।
हिन्दुस्थान समाचार / অৰৱিন্দ
