
গুৱাহাটী, ১১ জুলাই (হি.স.)। তুলিৰাম ৰংহাঙক সাংসদ গৌৰৱ গগৈয়ে কৰা অপমান সহ্য নকৰে কাৰ্বি সমাজে। কাৰোবাৰ বৈধভাৱে নিৰ্মাণ কৰা বাসগৃহ সন্দৰ্ভত ইতিকিংসূচক মন্তব্য কৰিবলৈ গৌৰৱ গগৈ কোন? যদি সাহস আছে গৌৰৱ গগৈয়ে কংগ্ৰেছ চৰকাৰৰ দিনৰ মন্ত্ৰী বিধায়কৰ বাসগৃহৰ সন্মুখত লাইভ কৰক।
সোণাপুৰত সংবাদমেলযোগে এই মন্তব্য সদৌ অসম কাৰ্বি যুৱ সন্থা ৰ নেতৃত্বৰ। শেহতীয়াকৈ গৌৰৱ গগৈয়ে ৪জুলাইৰ পৰা দুদিনীয়াকৈ কাৰ্বি আংলং ভ্ৰমণ কৰি কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তুলিৰাম ৰংহাঙৰ অগাধ সম্পত্তি সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি তেওঁৰ পুত্ৰৰ নিৰ্মিয়মান বাসগৃহৰ সন্মুখৰ পৰা ফেচবুক লাইভযোগে কৰিছিল কঠোৰ সমালোচনা।
ইয়াৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি সোণাপুৰত কাৰ্বি যুৱ সন্থাৰ বিষয়ববীয়াই এক সংবাদমেলযোগে গৌৰৱ গগৈৰ এই আচৰণ শিশু সুলভ বুলি অভিহিত কৰি এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে। আনহাতে কাৰ্বি জনগোষ্ঠীৰ উন্নয়ণৰ স্বাৰ্থত তুলিৰাম ৰংহাঙকে তেওঁলোকৰ নেতা হিচাপে মানি চলিব বুলিও সংবাদমেলযোগে প্ৰকাশ কৰে নেতৃত্বই।
হিন্দুস্থান সমাচাৰ / Narayan Kar
