–বুলড’জাৰ চলিছে দুখীয়া মানুহৰ ওপৰত
ওদালগুৰি, ০৯ জুলাই (হি.স.): সমাগত বিটিআৰ নিৰ্বাচনক কেন্দ্ৰ কৰি আন ৰাজনৈতিক দলৰ সমান্তৰালকৈ কংগ্ৰেছ দলেও বিটিআৰ অঞ্চলত সাংগঠনিক তৎপৰতা আৰম্ভ কৰিছে ৷ দুদিনীয়া কাৰ্যসূচীৰে ওদালগুৰি জিলাত উপস্থিত হোৱা সাংসদ তথা অসম প্রদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে যোৱাকালি মঙলবাৰে জিলাখনৰ কেইবাখনো সাংগঠনিক সভাত অংশগ্ৰহণ কৰে ৷
গৌৰৱ গগৈয়ে কয় যে বিটিচি অঞ্চলৰ ইউপিপিএল আৰু বিপিএফৰ ৰিম’ট ক’ন্ট্ৰল ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতত ৷ কলংকিত মন্ত্ৰী-ৰাজনীতিবিদক সুৰক্ষা প্ৰদান কৰি আছে হিমন্ত বিশ্ব শৰ্মাই । উচ্ছেদৰ নামত বুলড’জাৰ চলিছে দুখীয়া মানুহৰ ওপৰত ৷ খিলঞ্জীয়াক উচ্ছেদ কৰি ৪০ হাজাৰ বিঘা মাটি আদানী-আম্বানীক দিছে কিন্তু তাৰ তুলনাত বিটিআৰ অঞ্চলৰ কিমান খিলঞ্জীয়াক ভূমিৰ পট্টা প্ৰদান কৰিছে বুলিও প্ৰশ্ন কৰে ৷ বিজেপি নেতৃত্বাধীন চৰকাৰক এয়া ৰাজহুৱা কৰিবলৈ আহ্বান জনায প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ৷ কেইবাখনো দলীয় কৰ্মী সভাত অংশগ্ৰহণ কৰি সাংবাদিকক দিয়া সাক্ষাৎকাৰত গৌৰৱ গগৈয়ে এইদৰে কয় ৷
টংলাৰ নিকটৱৰ্তী জলাহ-নভঙাত সৰ্বকায় লোকৰ বসতিস্থল ’আমাৰ গাঁও’ , ৰাজীৱ ভৱনত সাংগঠনিক সভাত অংশগ্ৰহণ কৰি দলীয় কৰ্মী তথা ৰাইজক বিজেপি-ইউপিপিএল দলৰ অপশাসনৰ বিৰুদ্ধে মাৰবান্ধি থিয় হোৱাৰ উপৰি কংগ্ৰেছ দলৰ প্ৰতি আস্থাভাজন হোৱাৰ বাবে আহ্বান জনায় ৷ ইয়াৰ পিছতে ডিমাকুছিৰ বৰঙাজুলি শ্ৰীমন্ত শংকৰদেৱ সত্ৰত উপস্থিত হৈ সত্ৰাধিকাৰ নিৰঞ্জন বড়োৰ উপস্থিতিত সত্ৰত সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰাৰ উপৰি ৰাইজৰ সৈতে মতবিনিময় কৰে ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে অৱশেষত গৰুৱাঝাৰত উপস্থিত হৈ আন এখন কৰ্মী সভাতো অংশগ্ৰহণ কৰি দলীয় কৰ্মীসকলৰ মনোবল বৃদ্ধিৰ উদ্দেশ্যে ভাষণ প্ৰদান কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
