গোলাঘাট, ২০ জুন (হি.স.): নুমলীগড়ত অব্যাহত আছে বন্যহস্তীৰ ত্ৰাস। বন্যহস্তীয়ে ভাঙি লণ্ডভণ্ড কৰে পাতকটীয়া গাঁৱৰ শৰত শইকীক্ষা নামৰ এজন লোকৰ বাসগৃহ।
যোৱাকালি বৃহস্পতিবাৰে নিশা শুই থকা অৱস্থাতে এটা বন্যহস্তীয়ে অতৰ্কিতে বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। বন্যহস্তীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ। বন্যহস্তীৰ আক্ৰমণত সৰ্বস্বান্ত হৈ পৰে লোকজন । গাওঁ খনত ওৰে নিশা উপদ্ৰৱ চলাই বন্যহস্তীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
