গোলাঘাট, ২৭ জুন (হি.স.): গোলাঘাটৰ সৰুপথাৰত অনুষ্ঠিত হ’ব টাই আহোম জনগোষ্ঠীৰ এক অন্যতম পৰম্পৰাগত ধৰ্মীয় অনুষ্ঠান ৰিক-খন-মুং-খন। পহিলা জুলাইত অনুষ্ঠিত হ’ব এই অনুষ্ঠান। এই উপলক্ষে যোৱা কালি বৃহস্পতিবাৰে বিয়লি সৰুপথাৰ চ্যুকাফা শিশু উদ্যানত সৰুপথাৰ সমজিলাৰ অন্তর্গত টাই আহোম জনগোষ্ঠীৰ বিভিন্ন দল-সংগঠনৰ লগতে ৰাইজৰ উপস্থিতিত সম্পুৰ্ণ মাংগলিক ধৰ্মীয় ৰীতি-নীতিৰে লাইখুঁটা স্থাপন কৰে।
টাই আহোম যুৱ পৰিষদ, অসম (টাইপা) কেন্দ্রীয় সমিতিৰ উদ্যোগত ধনশিৰি মহকুমা সমিতিৰ সহযোগত কেন্দ্রীয়ভাৱে ৰিক-খন-ম্যুং-খন অনুষ্ঠানটি ১ জুলাই তাৰিখে সৰুপথাৰ নগৰস্থিত চ্যুকাফা শিশু উদ্যানত অনুষ্ঠিত কৰিছে । লগতে ২ জুলাই তাৰিখে ধনশিৰি মহকুমা সমিতিৰ বাৰ্ষিক অধিৱেশনখনি ৰামধেনু মুকলি মঞ্চত অনুষ্ঠিত হ’ব । ১ আৰু ২ জুলাই তাৰিখে অনুষ্ঠিত হ’ব লগা ৰিক-খন-ম্যুং-খন আৰু ধনশিৰি মহকুমা সমিতিৰ অধিবেশনখনি সফল্যমণ্ডিত কৰি তুলিবলৈ সকলো ৰাইজৰ দিহা পৰামৰ্শ তথা উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
