বিশ্বনাথ,১২ জানুৱাৰী(হি.স.)। বিশ্বনাথ জিলাৰ গহপুৰত ৰাজ্যিক ভিত্তিত ভাওনা সমাৰোহ অনুষ্ঠিত কৰা হব। গহপুৰৰ গোপালপুৰত অসম ৰাজ্যিক ভিত্তিত ভাওনা সমাৰোহৰ ব্যাপক আয়োজন চলিছে। শংকৰ মাধৱ ক্ষেত্ৰৰ প্ৰাঙ্গনত পূৰ্ণাংগ প্ৰস্তুতি চলিছে।
শংকৰদেৱৰ অনুপম সৃষ্টিৰাজী ভাওনা সংস্কৃতিৰ কেনেদৰে নৱপ্ৰজন্ম সকলক মাজলৈ নিব তাৰ প্ৰতি লক্ষ্য ৰাখি আয়োজন কৰিছে ভাওনা সমাৰোহ খনি। জানুৱাৰী মাহৰ ২১,২২ আৰু ২৩ তাৰিখে অসমৰ বিভিন্ন জিলাৰ ভাওনাৰ দলে ভাওনা প্ৰদৰ্শন কৰিব। প্ৰতিদিন দুখনকৈ ভাওনা প্ৰদৰ্শন কৰা হ’ব।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/আলোক.
