লখিমপুৰ, ০৮ জুলাই (হি.স.)। নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত পঞ্চায়ত প্ৰতিনিধিৰ শপত গ্ৰহণ।্ বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত নাৰায়ণপুৰ উন্নয়ণ খণ্ডৰ গাঁও পঞ্চায়তসমুহৰ আজি অনুষ্ঠিত হৈছে পঞ্চায়তৰ সভাপতি নিৰ্বাচন আৰু শপত গ্ৰহণ ৷
উন্নয়ণ খণ্ডটোৰ অন্তৰ্গত ১৩ টা গাঁও পঞ্চায়তত পুৱাৰে পৰা খণ্ড উন্নয়ণ কাৰ্যালয়ত আৰম্ভ হৈছে পঞ্চায়তৰ সভাপতি নিৰ্বাচন আৰু শপত গ্ৰহণৰ লগতে পঞ্চায়তৰ প্ৰথম খন বৈঠক ৷ শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত হোৱা সভাপতি নিৰ্বাচন আৰু শপত গ্ৰহণত অধিকাংশ বিজেপি দলৰ সমৰ্থনত সভাপতি নিৰ্বাচন তথা পঞ্চায়ত গঠন হোৱা পৰিলক্ষিত হৈছে ৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
