ইষ্ট ৰাদাৰফোৰ্ড, ০৯ জুলাই (হি.স.)। ব্ৰাজিলৰ ষ্ট্ৰাইকাৰ জোৱাও পেড্ৰ’ৰ দুটা সুন্দৰ গ’লৰ বাবেই চেলছীয়ে ফ্লুমিনেন্সক ২-০ গ’লত পৰাস্ত কৰি ফিফা ক্লাব বিশ্বকাপ ২০২৫ৰ ফাইনেলত প্ৰৱেশ কৰিছে। মঙলবাৰে নিউ জাৰ্ছিৰ মেট লাইফ ষ্টেডিয়ামত অনুষ্ঠিত হয় এই খেলখন।
শেহতীয়াকৈ ব্ৰাইটনৰ পৰা প্ৰায় ৬ কোটি পাউণ্ডত (প্ৰায় ৬৫০ কোটি টকা) চেলছীত যোগদান কৰা ২৩ বছৰীয়া জোয়াও পেড্ৰ’ই প্ৰথমবাৰৰ বাবে চেলছীৰ হৈ আৰম্ভণিৰ একাদশত খেলি এই কৃতিত্ব কৰিছিল। ১৮ মিনিটত প্ৰথমটো গ’ল দি তাৰ পাছত ৫৬ মিনিটত দ্বিতীয়টো গ’ল দিয়ে।
মন কৰিবলগীয়া যে জোয়াও পেড্ৰ’ই ফ্লুমিনেন্সৰ পৰাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু ইংলেণ্ডলৈ অহাৰ পূৰ্বে ক্লাবৰ হৈ ৩৬খন মেচ খেলিছিল। হয়তো এই কাৰণেই তেওঁ দুয়োটা গ’লৰ পিছত আনন্দ উদযাপন নকৰি হাত দাঙি ফ্লুমিনেন্সৰ সমৰ্থকসকলৰ ওচৰত ক্ষমা খুজিলে।
এই জয়ৰ জৰিয়তে চেলছীয়ে একেৰাহে দ্বিতীয়খন খেলত ব্ৰাজিলৰ ক্লাবটোক পৰাস্ত কৰি এতিয়া ফাইনেলত ৰিয়েল মাদ্রিদ বা পেৰিছ চেণ্ট জার্মেইনৰ বিৰুদ্ধে খেলিব ৷
ফ্লুমিনেন্সৰ সপোন ছিন্নভিন্ন হৈ পৰিল
২০২৩ চনৰ কোপা লিবাৰটাড’ৰেছৰ বিজয়ী ফ্লুমিনেন্সৰ এই প্ৰতিযোগিতাখনৰ মহান যাত্ৰাৰ অন্ত পৰিছে। গ্ৰুপ পৰ্যায়ত বৰুছিয়া ডৰ্টমুণ্ডক ৰখাই তাৰ পিছত ইণ্টাৰ মিলানক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত মানচেষ্টাৰ চিটিক নকআউট কৰা আল হিলালক পৰাস্ত কৰে।
কিন্তু ইউৰোপৰ শক্তিশালী চেলছীৰ সন্মুখত ফ্লুমিনেন্সে দুৰ্বল বুলি প্ৰমাণিত হয়। ৭০,৫৫৬ জন দৰ্শকে অংশগ্ৰহণ কৰা মেচখনত আৰম্ভণিৰে পৰা চেলছীয়ে আধিপত্য বিস্তাৰ কৰিছিল।
মেচৰ ৰোমাঞ্চ
প্ৰথমটো গ’লত থিয়াগো ছিলভাৰ ক্লিয়াৰেন্সত পেড্ৰ’ৱে বক্সৰ কোণাত বলটো ৰখাই গ’লকীপাৰ ফেবিঅ’ক চমকপ্ৰদভাৱে হতচকিত কৰি বলটো গ’লপোষ্টত সোমাই দিয়ে।
২৫ মিনিটত হাৰকিউলিছে গ’ল দিয়াৰ এক সুন্দৰ সুযোগ সৃষ্টি কৰে যদিও কুকুৰেলাই গ’ললাইনত ক্লিয়াৰ কৰে।
প্ৰথমাৰ্ধৰ শেষৰ ফালে ফ্লুমিনেন্সক পেনাল্টি দিয়া হৈছিল যেতিয়া ৰিনেৰ ক্ৰছে চালোবাহৰ হাতত খুন্দা মাৰিছিল যদিও ভিএআৰ পৰীক্ষাৰ পিছত সিদ্ধান্ত বাতিল কৰা হয়।
দ্বিতীয়াৰ্ধত ফ্লুমিনেন্সে এজন ডিফেণ্ডাৰক আঁতৰাই ফৰৱাৰ্ড পঠোৱাৰ লগে লগে পেড্ৰ’ৱে এনজো ফাৰ্নাণ্ডেছৰ থ্ৰু পাছৰ পৰা পুনৰ গ’ল দিয়ে – এইবাৰ বলটো বাৰত খুন্দা মাৰি ভিতৰত সোমাই যায়।
চেলছীৰ হাতত এতিয়াও কেইবাটাও সুযোগ আছিল যদিও স্ক’ৰ ২-০ হৈ থাকিল আৰু দলটোৱে ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিলে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
