নগাঁও, ১৯ অক্টোবৰ। নগাঁও চহৰৰ নিকটৱৰ্তী পলাশনীত বৃহত্তৰ আঞ্চলিক কাতি বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত, নগাঁও জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ সহযোগত যোৱাকালি সন্ধিয়া কাতি বিহু উদযাপন কৰা হয়। পলাশনী আৰু কৰৈয়নী বামুণ গাঁও সংলগ্ন তিনিআলি লাওখোৱা ৰোডত অনুষ্ঠিত হোৱা কাতি বিহু উৎসৱৰ কাৰ্যসূচী অনুসৰি পুৱা বন্তি প্ৰজ্বলন কৰে সমাজ সেৱক সম্ভূ শইকীয়াই।
বিহুৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি দুলাল বৰাই। শ্বহিদ তৰ্পণ কৰে শ্বহিদ অনিল বৰাৰ ভাতৃ অপূৰ্ব বৰাই। বিয়লি বৃক্ষৰোপণ কাৰ্যসূচীৰ অন্তত মুকলি সভা অনুষ্ঠিত হয়। উদযাপন সমিতিৰ সভাপতি দুলাল বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।সন্ধিয়া তুলসী ৰোপণ আৰু বন্তি প্ৰজ্জ্বলন কৰে উৰিয়াগাঁও গাঁও পঞ্চায়তৰ সভানেত্ৰী বকুলি কলিতাই।ইয়াৰ পিছতে কাতি বিহুৰ পৰম্পৰা অনুসৰি আকাশ বন্তি প্ৰজ্বলন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।
উদযাপন সমিতিৰ সাধাৰণ সম্পাদক প্ৰমোদ শইকীয়াই আঁত ধৰা উক্ত অনুষ্ঠানতে নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত কুমাৰ গগৈ, সমাজকৰ্মী অনিল শইকীয়া, সহকাৰী কৃষি সঞ্চালকদ্বয় নিখিল নাৰায়ণ বৰুৱা, নৰেন শৰ্মা, মহকুমা কৃষি বিষয়াদ্বয় বুবুল শৰ্মা, মফিদুৰ ৰহমান, কৃষি উন্নয়ন বিষয়া (শেনচোৱা চক্ৰ) ফণীন্দ্ৰ শইকীয়া প্ৰমুখ্যে বহু গণ্য-মান্য ব্যক্তি উপস্থিত আছিল। উক্ত অনুষ্ঠানতেই অঞ্চলটোৰ ১০ গৰাকী কৃষককে ধৰি সমাজৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত কেইবাগৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ অন্তত দিহানাম, বিহু নৃত্য পৰিবেশন কৰা হয়।
