যোৰহাট, ২৮ ডিচেম্বৰ (হি.স.): যোৰহাট জিলাৰ মৰিয়নিত যোৱা কালি শনিবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এল’ট কে টেন আৰু বাইকৰ মাজত মুখামুখী সংঘৰ্ষৰ ফলতে দুৰ্ঘটনাটো ঘটিছিল।
যোৰহাট মৰিয়নি পথৰ মুৰমুৰীয়াত সংঘটিত হৈছে দুৰ্ঘটনাটো । উদণ্ড বাইক আৰোহীৰ খুন্দাত এগৰাকী পথচাৰী গুৰুত্বৰভাৱে আহত হোৱাৰ লগতে এএছ ০৩ এএন ৩১৮১ নম্বৰৰ এল’ট বাহন খন ক্ষতিগ্ৰস্ত হয় । উদণ্ড বাইক আৰোহীজন মৰিয়নি দিশৰ পৰা অহাৰ বিপৰীতে এল’ট বাহনখন যোৰহাট দিশৰ পৰা আহি আছিল বুলি জানিব পৰা গৈছে । আহত জনক ওচৰৰ চিকিৎসালয়ত চিকিৎসা কৰা হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
