ঢাকা, ০৩ জানুৱাৰী (হি.স.)। অহা ৭ জানুৱাৰীত বাংলাদেশত অনুষ্ঠিত হ’বলগীয়া সংসদীয় নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অভূতপূৰ্ব নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। আজি পুৱা সমগ্ৰ দেশত সশস্ত্ৰ বাহিনী মোতায়েন কৰা হয়।
ঢাকা ট্ৰিবিউনে নিজৰ প্ৰতিবেদনত আন্তঃসেৱা জনসংযোগ সঞ্চালকালয়ৰ উদ্ধৃতি দি কয় যে বুধবাৰৰ পৰা ১০ জানুৱাৰীলৈকে সশস্ত্ৰ বাহিনী মোতায়েন কৰা হ’ব। আজি পুৱা এটা সেনা দলে ঢাকাৰ বানানী অঞ্চলত টহল দিয়ে। বাংলাদেশৰ সেনা জোৱানক ৬২খন জিলাত নিৰাপত্তা চম্ভালাৰ দায়িত্ব দিয়া হৈছে আৰু ৪৫খন মহকুমা অঞ্চলত সীমান্তৰক্ষী বাংলাদেশৰ জোৱানক দিয়া হৈছে। বাংলাদেশৰ নৌসেনাৰ জোৱানে ভোলা আৰু বৰগুনাকে ধৰি ১৯খন উপকূলীয় মহকুমাত চোৰাংচোৱাগিৰি কৰিব। পাহাৰীয়া, দুৰ্গম অঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰত বাংলাদেশ বায়ুসেনাই হেলিকপ্টাৰ সহায় আগবঢ়াব।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
