২০ লক্ষাধিক টকাৰ সা সম্পত্তি জাহ যায় জুইত ।
নলবাৰী, ১৮ নৱেম্বৰ (হি.স.): নলবাৰী ৰাস মহোৎসৱৰ মাজতে নলবাৰীৰ পয়লাত এক ভয়ংকৰ অগ্নি কাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডত জাহ গ’ল কেইবাটাও পৰিয়ালৰ বাসগৃহ লগতে সা সম্পত্তি । জুইৰ উৎপত্তিৰ কাৰণ জানিব পৰা নাই ।
জানিব পৰা মতে যোৱা কালি সোমবাৰে সন্ধিয়া পৰিয়ালৰ লোক গৈছিল ৰাস চাবলৈ আৰু অগ্নি কাণ্ডৰ সময়ত ঘৰৰ ভিতৰত আছিল এগৰাকী বৃদ্ধা । স্থানীয় ৰাইজে কথমপি ৰক্ষা কৰে বৃদ্ধা গৰাকীৰ প্ৰাণ । আনহাতে চাৰিটাকৈ ছাগলী জীৱন্তে অগ্নি দগ্ধ হৈ প্ৰাণহানি হোৱাৰ লগতে চাৰিটা চিলিণ্ডাৰ বিস্ফোৰণ হয় ।
অগ্নিকাণ্ডৰ ফলত পয়লাৰ অমূল্য দাস, ৰতন দাস আৰু চুইটি দে সৰকাৰৰ পৰিয়ালৰ বাস গৃহ সম্পূৰ্ণ ভস্মীভূত হয় । প্ৰায় ২০ লাখ টকাৰ সা সম্পত্তি অগ্নিত জাহ যায় । স্থানীয় ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
