তিনিচুকীয়া, তিনিচুকীয়া জিলাৰ ডুমডুমাত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি স্থানীয় ৰাইজৰ প্ৰতিবাদ। আজি পুৱা বনৰীয়া হাতীৰ আক্ৰমণত নিহত সুশীলা কোৱঁৰ নামৰ মহিলাগৰাকীৰ পৰিয়ালক উচিত ক্ষতিপূৰণ, পৰিয়ালৰ লোকক সংস্থাপনৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় লোকসকলে।
অৱশেষত ডুমডুমা ৰাজহ চক্ৰ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ বন বিভাগৰ নিয়ম অনুসৰি উচিত ক্ষতিপূৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাত পথ অবৰোধ উঠাই লয় । লগতে আহত অঞ্জু ডাঙৰীয়া নামৰ মহিলা গৰাকীৰো চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিবলৈ প্ৰশাসনলৈ আহ্বান জনায় পৰিয়ালে।
