
গুৱাহাটী, ০৮অক্টোবৰ (হি.স.)। সোণাপুৰৰ ডিমছ নামৰ ব্যক্তিগত চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি। ভুল চিকিৎসাৰ বাবে নৱজাতকৰ প্ৰাণ যোৱাৰ অভিযোগ পৰিয়ালৰ।
বিগত ৬ অক্টোবৰত সোণাপুৰৰ নাম টেপেচীয়াৰ ঋষি কাঠাৰৰ পত্নী স্বপ্না কাঠাৰ নামৰ প্ৰসূতি গৰাকীক চিকিৎসালয়খনত ভৰ্তি কৰোৱাৰ পিচতেই চিজাৰিয়ান পদ্ধতিৰে প্ৰসৱ কৰে এটি পুত্ৰ সন্তান।
চিকিৎসকৰ তত্ত্বাৱধানত অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হোৱাৰ পিছতেই সকলো ঠিকে থকা বুলি পৰিয়ালক জনায়। কিন্তু পৰৱৰ্তী পৰ্যায়ত পিছদিনালৈ নৱজাতকটিৰ স্বাস্থ্যৰ অৱনতি ঘটা বুলি জানিবলৈ দি আইচিইউত ভৰ্তি কৰাৰ জনায় অভিভাৱকক। কিন্তু আজি পুৱাৰ ভাগত অভিভাৱকৰ পৰা বিল আদায় লৈ কৰ্তৃপক্ষই নৱজাতকটিক মৃত ঘোষণা কৰে।
পৰিয়ালৰ অভিযোগ অনুসৰি নৱজাতকৰ চিকিৎসাৰ বাবে পৰ্যাপ্ত আন্তঃগাথঁনি অবিহনে চিকিৎসালয়খনে চলাই গৈছে ব্যৱসায়। শিশুৰ বাবে প্ৰয়োজনীয় আইচিইউ নথকাৰ পাছতো দুদিন ধৰি এনেদৰে ৰখাই থোৱা হৈছিল নৱজাতকটিক। ইয়াৰ পাছতে পৰিয়ালৰ লোকে চিকিৎসালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি কৰ্তৃপক্ষক ইয়াৰ উত্তৰ বিচাৰে। কিন্তু কৰ্তৃপক্ষই সমগ্ৰ বিষয় সন্দৰ্ভত মৌনতা অৱলম্বন কৰাত ক্ষোভিত হৈ পৰে ৰোগীৰ আত্মীয়।
পৰৱৰ্তী পৰ্যায়ত চিকিৎসালয়খনত সোণাপুৰ আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰি আৰম্ভ কৰিছে তদন্ত।
হিন্দুস্থান সমাচাৰ / Narayan Kar
