কোকৰাঝাৰ, ১৯ জুলাই (হি.স.)। বি,টি,আৰ -ত আৰম্ভ হৈছে পৰিষদীয় নিৰ্বাচনৰ কুচকাৱাজ । বিজেপি, ইউপিপিএল, বিপিএফৰ সমান্তৰালকৈ পিছপৰি থকা নাই অঞ্জলি দৈমাৰীৰ নেতৃত্বাধীন নতুনকৈ গঠিত এপিবি দলেও । নৱগঠিত দলটোৰ নেতাই ঠায়ে ঠায়ে ৰাজহুৱা সভা পাতি ইতিমধ্যে জিলা, ব্লক আৰু প্ৰাইমাৰী কমিটি সমুহ গঠনৰ কাম তীব্ৰ গতিত চলাই আছে ।
২নং ভোমৰাবিলত যোৱা নিশা এখন সভা অনুষ্ঠিত কৰি ভোমৰাবিল প্ৰাইমাৰী কমিটি গঠন কৰে লগতে আঞ্চলটোৰ পৰা বহুসংখ্যক পুৰুষ মহিলাই এপিবি দলত যোগদান কৰে।৩নং শ্ৰীৰামপুৰ সমষ্টিৰ এপিবিৰ আশাবাদী প্ৰাৰ্থী উইলছোন কিছকুয়ে কয় যে শ্ৰীৰামপুৰত দুটাকৈ ই এম থকাৰ সত্ত্বেও সমষ্টিটোৰ কোনো ধৰণৰ উন্নতি কৰিব পৰা নাই।আনকি শ্ৰীৰামপুৰ সমষ্টিৰ পাৰিষদ তথা বিটিআৰৰ EM সজল কুমাৰ সিংহে সমষ্টিৰ উন্নয়নত ব্যৰ্থ হৈ পলাই ফুৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
