ধুবুৰী, ২৩ জুলাই (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাৰ নয়াহাটৰ এগৰাকী যুৱতী প্ৰেমৰ নামত প্ৰতাৰণাৰ বলি হোৱাৰ অভিযোগ উঠিছে। যুৱত গৰাকীক প্ৰেমৰ প্ৰলোভনেৰে শাৰিৰীক সম্পৰ্ক গঢ়ি ব্লেকমেইল কৰাৰ অভিযোগ উত্থাপন হৈছে। অৱশেষত যুৱতি গৰাকিয়ে ন্যায় বিচাৰি আদালতৰ কাষ চাপিছে ।
ঘটনাৰ বিৱৰণী মতে বিলাসীপাৰা সম- জিলাৰ অন্তৰ্গত নয়াহাট ঘাঁসবাৰী গাঁৱৰ এই যুৱতিগৰাকীয়ে কৰ্মসূত্ৰে গুৱাহাটীত কৰ্মৰত হৈ আছিল। এদিন হঠাতে কাপৰৰ দোকানত কাপোৰ ক্ৰয় কৰাৰ সময়তে ভণ্ড প্ৰেমিক জাকিৰ আলীয়ে যুৱতী গৰাকিক লগ পায় আৰু বিভিন্ন প্ৰলভোলনেৰে প্ৰেমৰ সম্পৰ্ক গঢ়ি তলে। পিছত বিবাহ কৰাৰ প্ৰতিশ্ৰুতিৰে যুৱতি গৰাকীক শাৰিৰিক সম্পৰ্ক গঢ়ি তোলে । পিছত পাষণ্ড প্ৰেমিকে যুৱতি গৰাকীৰ লগত ব্লেকমেইল কৰা আৰম্ভ কৰে। আৰু কিছুমান অশ্লীল ভিডিও লম্ফট প্ৰেমিক জাকিৰ আলীয়ে তেওঁৰ মোৱাইলত আৱদ্ধ কৰি যুৱতি গৰাকীক বিভিন্ন ধৰণৰ ভয় ভাৱকি ধৰ্মকি আদি প্ৰদান কৰে।
আনহাতে যুৱতি গৰাকীৰ পৰা ৩ তিনি লাখ টকা দাবী কৰে বুলি গুৰুত্বৰ অভিযোগ উথাপন হৈছে। লগতে যুৱতি গৰাকীয়ে ২ লাখ টকা উক্ত পাষণ্ড প্ৰেমিক জাকিৰ আলীক আদায় দিয়ে বুলিওঁ যুৱতি গৰাকীয়ে অভিযোগ দিয়ে। প্ৰাপ্ত অভিযোগমতে যুৱতী গৰাকীক দুবাৰকৈ গৰ্ভপাত কৰাই গৰ্ভপাত নষ্ট কৰায় পাষণ্ড প্ৰেমিক জাকিৰ আলীয়ে। গাজী ৰহমানৰ পুত্ৰ জাকিৰ আলীৰ ঘৰ ধুবুৰী জিলাৰ গৌৰীপুৰথানাৰ অন্তৰ্গত গেৰামাৰী তৃতীয় খণ্ড গাঁৱত বুলি জানিব পোৱা গৈছে। পিছত যুৱতি গৰাকিয়ে নিৰুপায় হৈ নয়াহাট উপ-আৰক্ষী চকীত এজাহাৰ দাখিল কৰে যদিওঁ আজিলৈকে ভণ্ড প্ৰেমিক জাকিৰ আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই নয়াহাট আৰক্ষীয়ে। অৱশেষত ন্যায় বিচাৰী আদালতৰ দাৰস্থ হয় যুৱতি গৰাকীয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
