
হোজাই, : লামডিং ৰেলৱে ষ্টেচনত যোৱাকালি সন্ধিয়া বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰা হয়। ১৩১৭৪ নামুনিমুৱা আগৰতলা- শিয়ালদাহ কাঞ্চনজংগা এক্সপ্ৰেছৰ পৰা প্ৰায় ২০ কেজি ৫০০ গ্ৰাম গাঞ্জা উদ্ধাৰ কৰা হৈছে। এই সন্দৰ্ভত আটক কৰা হৈছে এগৰাকী যুৱতী।
লামডিং ৰেলৱে আৰক্ষী আৰপিএফৰ বিশেষ দল, চিআইবিয়ে অভিযান চলাই ৰে’লখনৰ এ১ ডবাৰ পৰা জব্দ কৰে গাঞ্জখিনি। লগতে আটক কৰে এগৰাকী যুৱতীগৰাকীক। জানিৱ পৰা মতে ৰেলৱে আৰক্ষী বৰ্তমান সোধপোছ অব্যাহত ৰাখিছে ৷
