ডিব্ৰুগড়, ২০ জুন (হি.স.)। বহিঃৰাজ্যত কৰ্মসংস্থাপনৰ বাবে গৈ পুনৰ নিখোঁজ অসমৰ যুৱক। চেন্নাইলৈ বুলি কৰ্মসংস্থাপনৰ বাবে ওলাই যোৱা ডিব্ৰুগড় জিলা নাহকটীয়াৰ জয়পুৰৰ সঞ্জয় মহানন্দ নামৰ যুৱকজন বিগত ১০ দিন ধৰি সন্ধানহীন হৈ আছে। উল্লেখ্য যে বিগত ৯ জুনত সঞ্জয় মহানন্দ নামৰ যুৱকজনে নিজ ভাগিনৰ লগতে আন ৫ জন লগৰীয়াৰ সৈতে কৰ্মসংস্থাপনৰ বাবে ওলাই গৈছিল চেন্নাইলৈ। গুৱাহাটী ৰেল ষ্টেচনৰ পৰা বিবেক এক্সপ্ৰেছ ৰেল যোগে চেন্নাইলৈ ৰাওনা হোৱা সঞ্জয় মহানন্দই ১১জুনৰ দিনা অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাৰা ষ্টেচনত নিশা সন্ধানহীন হৈ পৰে।পিছত সঞ্জয়ৰ ভাগিনীয়েকে মোমায়েক সঞ্জয় সন্ধানহীন হৈ পৰা বিষয়ে নাহৰকটীয়াৰ জয়পুৰৰ সঞ্জয়ৰ পৰিয়ালক অৱগত কৰাত পৰিয়ালটোৰ মাজত হাহাকাৰ লাগে। ইফালে সঞ্জয়ৰ 9678078924 নম্বৰত যোগাযোগ কৰিও কোনো শুংসূত্ৰ নোপোৱা পৰিয়ালটোৱে ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে।দুটি সন্তান আৰু পত্নীক এৰি বহিৰাজ্যত সন্ধানহীন হোৱা সঞ্জয়ৰ অপেক্ষাত পত্নী তথা দুটি সন্তানে এতিয়া উজাগৰি নিশা কটাইছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
