ওদালগুৰি, ২৯ আগষ্ট (হি.স.)। আগন্তুক বিটিআৰ নিৰ্বাচনৰ প্ৰস্তুতি ওদালগুৰি জিলা প্ৰশাসনে সম্পূৰ্ণ কৰি তুলিছে। জিলা খনৰ দহটা পৰিষদীয় সমষ্টিৰ মুঠ ভোটাৰ হৈছে ৭,৩৯,১১৪ জন। জিলাখনত ভোট দিয়া বাবে ৯৩৭ টা ভোট কেন্দ্ৰ থাকিব ।
ইফালে নতুনকৈ সংযোগ হোৱা শোণিতপুৰ আৰু বিশ্বনাথ জিলাত থাকিব ৩০টা ভোট কেন্দ্ৰ। নিৰ্বাচনৰ বাবে মনোনয়ন প্ৰ-প্ৰত্ৰ ২৭ আগষ্টৰ পৰা আয়ুক্ত কাৰ্যলয়ত দি থকা হৈছে। প্ৰাৰ্থী সকলে ২ ছেপ্টেম্বৰ দিনৰ তিনি বজালৈ মনোনয়ন প্ৰত্ৰ দাখিল কৰিব পাৰিব।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
