কামৰূপ, ০৪ জুলাই (হি.স.)। কামৰূপ গ্ৰাম্য জিলাৰ বকোৰ কালিয়াবড়ীত এক অঘটন সংঘটিত হৈছে । বিদ্যুৎস্পৃষ্ট হৈ এজন যুৱকৰ কৰুণ মৃত্যু হয়। নিহত যুৱকজন বিজয় দাস(২৬) বুলি পৰিচয় পোৱা গৈছে ।
পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট হয় যুৱকজন। ততাতৈয়াকৈ বিজয় দাসক বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়ত যুৱকজনৰ মৃত্যু হোৱাৰ ঘোষণা কৰে। বিদ্যুৎ বিভাগৰ কাণ্ডত ক্ষুব্ধ হৈ পৰিছে ৰাইজ। তাঁৰ ডাল সলনি কৰিবলৈ জনোৱা হৈছিল যদিও আওকাণ কৰিছিল বিদ্যুৎ বিভাগে। গৰু দিবলৈ যাবৰ সময়ত এই অঘটন সংঘটিত হৈছে। যুৱকজনৰ মৃতদেহটো বকো আৰক্ষী থানালৈ অনা হয়।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
