কামৰূপ, ১২ নৱেম্বৰ (হি.স.)। দিল্লীৰ বোমা বিস্ফোৰণক লৈ বিতৰ্কিত মন্তব্য কৰি ৰঙিয়াত এজন আটক । আটকধীন যুৱকজন ৰঙিয়াৰ চেপ্তীৰ ৱাজহুল কামাল হক বুলি চিনাক্ত কৰা হৈছে।
লোকজনে নিজ ফেচবুক একাউণ্টত দিল্লীৰ বিস্ফোৰণক লৈ কৰিছিল বিৰূপ মন্তব্য কৰিছিল। তাৰ পিছতেই ৰঙিয়া আৰক্ষীয়ে
আটক কৰে লোক জনক । উল্লেখ্য যে ১০ নবেম্বৰে সন্ধিয়া দিল্লীৰ লালকিল্লা সন্মুখত ট্ৰেফিক চিগনেলত এখন হোন্দাই আই ২০ বাহনৰ বিস্ফোৰণত ১২ জন লোকৰ মৃত্যু হোৱাৰ উপৰিও বহু লোক আহত হৈছিল । এই ঘটনাৰ পিছত সমগ্ৰ দেশ শোকস্তব্ধ হৈ থকাৰ সময়তে ইয়াক লৈ একাংশই উপলুঙা সূচক তথা বিৰূপ মন্তব্য দিয়া দেখা গৈছে। এনে লোকৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হৈছে আৰু যোৱাকালিও এজন অৱসৰপ্ৰাপ্ত শিক্ষকক শিলচৰৰ পৰা গ্ৰেপ্তাৰ কৰা দেখা গৈছে। এনে লোকৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা লব বুলিও ইতিমধ্যে মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই সকীয়াই দিছিল।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
