তামুলপুৰ, ০৮ ছেপ্তেম্বৰ (হি.স.)। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু তামুলপুৰ জিলা প্ৰশাসনৰ সহযোগত আজি তামুলপুৰৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত ভাৰতৰত্ন সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম-শতবাৰ্ষিকীৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। জিলাখনৰ ১০খন বিদ্যালয়ৰ হাজাৰোধিক ছাত্ৰ-ছাত্ৰীয়ে সুধাকণ্ঠৰ কালজয়ী গীত মানুহে মানুহৰ বাবে একেলগে গাই নজিৰ সৃষ্টি কৰে।
অনুষ্ঠানত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে সুধাকণ্ঠৰ বৰ্ণাঢ্য জীৱনৰ ওপৰত আলোকপাত কৰে। অৱসৰপ্ৰাপ্ত শিক্ষক কামেশ্বৰ দাসেও সুধাকণ্ঠৰ সান্নিধ্যৰ কথা শ্ৰদ্ধাৰে সোঁৱৰে। অনুষ্ঠানত প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক শীৰ্ষক ডঃ ভূপেন হাজৰিকা ৰচিত লটিঘটি বোলছবিৰ প্ৰখ্যাত গীতটোৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ মনোমোহা আবৃত্তিৰ অডিঅ’টোৱে অনুষ্ঠানত উপস্থিত আটাইকে আপ্লুত কৰে। অনুষ্ঠানত জ্যেষ্ঠ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰীকে ধৰি বিভিন্ন স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, জিলা প্ৰশাসনৰ একাংশ বিষয়া-কৰ্মচাৰী আৰু বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে বুলি বিষয়া বিজয় বেজবৰুৱাই সংবাদ মাধ্যমক অবগত কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
