মুখ্যমন্ত্ৰী তথা ৰাইজৰ পৰা বিচাৰিছে সহায়-সহযোগিতা
নলবাৰী, ০৪ ছেপ্টেম্বৰ (হি.স.): নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত গংগাপুৰ গাঁৱৰ এগৰাকী মহিলা জটিল ৰোগত আক্ৰান্ত হৈ কষ্টকৰ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে ৷ গংগাপুৰ গাঁৱৰ স্বামীহাৰা নিৰু বৰ্মন পাঠক আক্ৰান্ত হৈছে জটিল ৰোগত ৷পাঁচ মাহ পূৰ্বৰ পৰা ৰোগাক্ৰান্ত হৈ পৰা মহিলাগৰাকীয়ে নলবাৰী, গুৱাহাটীকে ধৰি বিভিন্ন প্ৰান্তৰ চিকিৎসালয়ত চিকিৎসা কৰি একপ্ৰকাৰ জীৱন যুঁজত থমকি ৰ’বলগীয়া হৈছে ৷
ইফালে চিকিৎসাৰ বাবে পোহনীয়া গৰু, ছাগলী, সা-সম্পত্তি বিক্ৰী কৰি সৰ্বস্বান্ত হৈ পৰিছে স্বামীহাৰা মহিলাগৰাকীৰ পৰিয়াল ৷ সম্প্ৰতি মহিলাগাৰীক উন্নত চিকিৎসাৰ বাবে চিকিৎসকে বহিঃৰাজ্যলৈ নিয়াৰ পৰামৰ্শ আগবঢ়াইছে যদিও মহিলাগৰাৰীৰ পৰিয়ালৰ ওপৰত আকাশৰ চাং খহি পৰাৰ সদৃশ পৰিবেশৰ সৃষ্টি হৈছে ৷ দহ বছৰ পূৰ্বে স্বামীক হেৰুওৱা ৰুগীয়া মহিলাগৰাকীয়ে দুই কনমাণি পুত্ৰ-কন্যাৰ কথা ভাবি দিশহাৰা হৈ পৰিছে ৷ পিতৃহাৰা কন্যা-পুত্ৰও মাতৃৰ অসুস্থতা দেখি চকুপানীৰে বাট নেদেখা হৈছে ৷ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৰ মহিলাগৰাকীৰ চিকিৎসাৰ বাবে পৰিয়ালটোৱে মুখ্যমন্ত্ৰী তথা ৰাইজৰ পৰা বিচাৰিছে সহায়-সহযোগিতা ৷ যদিহে কোনো হৃদয়বান ব্যক্তিয়ে মহিলাগৰাকীৰ চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়াব বিচাৰে তেন্তে মহিলাগৰাকীৰ নলবাৰীৰ কুমাৰীকাটাত থকা অসম গ্ৰামীণ বিকাশ বেংকৰ7395010043670 নম্বৰত (IFSC-PUNBORRBAGB) আৰ্থিক সহায় আগবঢ়াব পাৰে ৷ নতুবা মহিলাগৰাকীৰ ভগ্নী ৰেবতী বৰ্মনৰ 60032 28903 নম্বৰত গুগুল পে অথবা ফোন পে নাইবা উক্ত নম্বৰত যোগাযোগ কৰি সহায় আগবঢ়াব পাৰে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
