গোলাঘাট,১৫ জানুৱাৰী (হি.স.)। গোলাঘাটত পুহ মাহৰ অন্তিম দিনা-মাঘ মাহৰ এদিন পুৰ্বে দোমাহীৰ দিনা গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰলৈ ভক্তিপ্ৰাণ ৰাইজৰ সমাগম৷
পুহ-মাঘ দোমাহী অৰ্থাৎ মকৰ সংক্ৰান্তিৰ দিনা গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰলৈ পুৱাৰ পৰা অসংখ্য ভক্তিপ্ৰাণ ৰাইজৰ সমাগম হয়৷ পুৱা জিলা খনৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তিপ্ৰাণ ৰাইজ সমাগম হৈ শৰাই-নৈবদ্য আগবঢ়াই পৰিয়ালৰ কুশল-মংগলৰ অৰ্থে মহাপ্ৰভুৰ চৰণত মূৰ দোৱাইহি৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ/ৰমেন/আলোক.
