দৰং,০৯ নৱেম্বৰ(হি.স.)। দৰং জিলাৰ ঢেকিয়াজুলিৰ পানবাৰীত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। আলফাৰ নামত দাবী কৰা ধন ভয় ভাবুকিৰে নিবলৈ আহি ৰাইজৰ ৰোষত পৰিল দুজন লোক। দাবী কৰা ধন নিবলৈ অহা বলোৰাম বসুমতাৰী আৰু ডাজিয়া নাৰ্জাৰী নামৰ দুজন ভূৱা আলফাক ৰাইজে উত্তম মাধ্যম সোধাই আৰক্ষীক চমজাই দিয়ে। আলফাৰ নামত প্ৰায় এক সপ্তাহ পূৰ্বে ৭ লাখ টকা ডিমাণ্ড দিছিল ঢেকিয়াজুলিৰ পানবাৰীৰ দালং মোম্ফা নামৰ এজন লোকক।
প্ৰথমে দুয়োজন ভূৱা আলফাৰ সৈতে হতাহতি লাগে দালং মোম্ফাৰ। আজি দাবী কৰা ধন নিবলৈ আহি ৰাইজৰ ৰোষত পৰিল দুয়ো। আলফাৰ নামত পিষ্টল দেখুৱাই দাবী কৰা ধন নিবলৈ আহিছিল বলোৰাম বসুমতাৰী আৰু ডাজিয়া নাৰ্জাৰী নামৰ দুজন লোক। দালং মোম্ফাও আলফাৰ নামত ধনদাবী কৰা দুয়ো জনৰ আক্ৰমনত গুৰুতৰভাবে আঘাটপ্ৰাপ্ত হয়। ৰাইজৰ গণ প্ৰহাৰত আঘাট প্ৰাপ্ত বলোৰাম বসুমতাৰী আৰু ডাজিয়া নাৰ্জাৰীক আৰক্ষীয়ে চিকিৎসালয়ত ভৰ্তি কৰায়। ধনদাবীত ব্যৱহাৰ কৰা এটা পিষ্টলো জব্দ কৰে আৰক্ষীয়ে। আটকাধীন বলোৰাম বসুমতাৰীৰ ঘৰ ঢেকিয়াজুলিৰ ঘগড়া কছাৰী গাঁৱত। ডাজিয়া নাৰ্জাৰীৰ ঘৰ কোকৰাঝাৰত। দুয়োজন আলফাৰ নামত দাবী কৰা ধন নিবলৈ অহা ভূৱা আলফা বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/মনোজ
