মৰিগাঁও, ০৭ ফেব্ৰুৱাৰী। লাহৰীঘাটত ৫ টাকৈ চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ। ধৃত চাইবাৰ অপৰাধীকেইটা হ”ল লাহৰীঘাটৰ বোৱালগুৰিৰ ছাজাহাৰুল ইছলাম, বৰবড়িৰ হাৰুন অল ৰছিদ, ছাহৰুখ আহমেদ,কছাৰীবড়িৰ ছিৰাজুল ইছলাম আৰু বৰখাবলৰ ইকবাল হুছেইন।
ধৃত চাইবাৰ অপৰাধী হাৰুন অল ৰছিদ আৰু ছাহৰুখ আহমেদৰ ঘৰৰ পৰা ৯৩ টা চিমকাৰ্ড, পানকাৰ্ড, ভোটাৰ কাৰ্ড, আধাৰকাৰ্ড, ডেবিদ কাৰ্ড, বেংক পাছবুকসহ বহু আপত্তিজনক নথি-পত্ৰ জব্দ কৰিছে। উল্লেখ্য যে মৰিগাঁও অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত দীৰ্ঘদিনৰে পৰা চলি আহিছে এই চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান।
