যোৰহাট, ১৮ নৱেম্বৰ (হি.স.): ৰক্তদানৰে যোৰহাটত আজি জুবিন গাৰ্গৰ ৫৩ তম জন্ম দিন পালন কৰে অসম গণ পৰিষদ দলে । অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অবৰ্তমানত আজি ৰাজ্য বাসীয়ে পালন কৰিলে তেওঁৰ প্ৰথমটো জন্ম দিন।
শিল্পী গৰাকীৰ ৫৩ সংখ্যক জন্ম দিনত শিল্পী গৰাকীক স্মৰণ কৰিবলৈ যোৰহাটত বিভিন্ন স্থানত আয়োজন কৰে পৃথক পৃথক কাৰ্যসূচী।শিক্ষানুষ্ঠানৰ পৰা আৰম্ভ কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে অসমীয়াৰ প্ৰাণৰ শিল্পী গৰাকীক জন্ম দিনত স্মৰণ কৰা হয়। অসম গণ পৰিষদ দলে জুবিন গাৰ্গৰ জন্ম দিনটো জাতীয় স্বভিমান দিৱস হিচাপে পালন কৰে দলটোৱে। যোৰহাট প্ৰেছ ক্লাবত এই উদ্দেশ্যে বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ লগতে অসম যুৱ পৰিষদ আৰু ছাত্ৰ পৰিষদে ৰক্ত দান শিবিৰৰ আয়োজন কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
