কামৰূপ, ১৮ ছেপ্টেম্বৰ (হি.স.):বিশ্বকৰ্মা পূজাৰ নিশা কামৰূপ জিলাৰ চাংসাৰিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত পতিত হয় এগৰাকী বাইক আৰোহী।
ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয় বাইক আৰোহী জন। বৰ্তমানলৈকে পৰিচয় উদ্ধাৰ হোৱা নাই দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত যুৱকজনৰ।চাংসাৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সংকটজনক অৱস্থাত উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে এইমছলৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
