


ফিজিক জিমৰ প্ৰাঞ্জল বৰুৱা আৰু হাৰকুলিয়ান জিমৰ প্ৰাংগনা নাথ
সকলো শাখাৰ বিজয়ী ভাৰ উত্তোলকক বঁটা প্ৰদান
শোণিতপুৰ, ২৫ আগষ্ট (হি স)।
তেজপুৰৰ শতবৰ্ষ গৰকা অসমীয়া ক্লাবৰ ক্ৰীড়া বিভাগৰ অঙ্গ শোণিতপুৰ জিলা ভাৰোত্তোলন সন্থাৰ ৪২তম শোণিতপুৰ জিলা ভাৰোত্তোলন প্ৰতিযোগিতা খন অসমীয়া ক্লাব প্ৰাঙ্গণত সফলতাৰে সম্পন্ন হয় ৷ প্ৰতিযোগিতাৰ আৰম্ভণিতে জিলা শৰীৰ চৰ্চা সন্থা তথা জিলা ভাৰোত্তোলন সন্থাৰ পতাকা উত্তোলন কৰে সভাপতিদ্বয় পঙ্কজ কুমাৰ বৰা আৰু হিৰণ্য ভুঞাই ৷
আনহাতে ফিটা কাতি প্ৰতিযোগিতা খন উদ্ধোধন কৰে শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাসে৷উদ্ধোধনী ভাষণত তেখেতে শতবছৰ গৰকা অসমীয়া ক্লাবৰ এনে কাৰ্য্যৰ বাবে শলাগ লয় ৷ বিশিষ্ট অতিথি হিচাবে অংশ লয় জিলা ক্ৰীড়া বিষয়া পাঞ্জল দিহিঙীয়াই প্ৰতিযোগিতাত পুৰষ আৰু মহিলাৰ যুব শাখাত শ্ৰেষ্ঠ ভাৰোত্তোলক হয় ক্ৰমে- ফিজিক জিমৰ প্ৰাঞ্জল বৰুৱা আৰু হাৰকুলিয়ান জিমৰ প্ৰাঙ্গণা নাথ৷জুনিয়ৰ বিভাগত শ্ৰেষ্ঠ ভৰোত্তোলক হয় পুৰুষৰ ফিজিক জিমৰ নিতুল প্ৰধান আৰু মহিলাৰ বৃষ্টিৰেখা হাজৰিকা ৷
পুৰুষৰ চিনিয়ৰ শাখাত শ্ৰেষ্ঠ ভাৰোত্তোলকৰ সন্মান লাভ কৰে এচ ম বি জিমৰ চাহাবুল হাচান আৰু মহিলাৰ চিনিয়ৰ শাখাত ময়ুৰী বৰায়৷১৩বছৰৰ তলৰ ল’ৰাৰ প্ৰথম শাখাত
তপন দাস, অৰ্নব কাকতি আৰু কিশানু ক্যশ্যপে ক্ৰমে প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ৷
দ্বিতীয় শাখাত নিলোৎপল কলিতা প্ৰথম, ৰিয়ান কলিতা দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে যাদব ডেকাই ৷ ছোৱালীৰ শাখাত প্ৰথম স্থান পায় নিশি নৃতাঙ্গনা আৰু দ্বিতীয় স্থান পায় নৃতাশ্ৰী ডেকাই ৷ শ্ৰেষ্ঠ ভৰোত্তোলকৰ বঁটা সমুহ প্ৰদান কৰে ক্ৰমে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি জীতেন বৰঠাকুৰ, পঙ্কজ কুমাৰ বৰা, হিৰন্য ভুঞা, ৰাতুল কুমাৰ দাস, বিবুধ ডেকা, অশ্বিনী শৰ্মা, নীল শৰ্মা, নাৰায়ন বৰঠাকুৰ, সুসুভন গাংগুলী আদিয়ে।
উল্লেখ্য যে, তেজপুৰত অহা ১৮ পৰা ২১ চেপ্তেম্বৰলৈকে হ’ব লগা ৫৩তম সদৌ অসম ভাৰোত্তোলন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে শোণিতপুৰ জিলা দল এই প্ৰতিযোগিতাৰ পৰাই নিৰ্বাচন কৰা হ’ব ৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ
