
যোৰহাট, ০২ অক্টোবৰ (হি.স.)। যোৰহাট জিলাৰ টীয়কত নিশা ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় ভগামুখ আৰক্ষীৰ বাহন। বাহনখন
৫ জন আৰক্ষী আৰু এজন স্থানীয় লোকৰ সৈতে ভগামুখৰ দিশৰ পৰা পৰা বনাইৰ অভিমুখে আহি থকা অৱস্থাত মৰিজাজী নদীত পতিত হয় এই দুৰ্ঘটনা।
এই দুৰ্ঘটনাত ভগামুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চৈতন্য মালাকাৰ, উপ পৰিদৰ্শক মৰমী নাথ, স্থানীয় ব্যক্তি পৱন গগৈ, এজন কামণ্ড আৰু দুজন আৰক্ষী কনিষ্টবল গুৰুতৰভাৱে আহত হয়। স্থানীয় লোকে দুৰ্ঘটনাত পতিত হোৱা আৰক্ষীৰ বাহনৰ গ্লাছ ভাঙি উদ্ধাৰ কৰি ততাতৈয়াকৈ টীয়ক এফআৰইউ লৈ প্ৰেৰণ কৰে। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মালাকাৰে নিজেই চালকৰ আসনত বহি আৰক্ষীৰ বাহনখন চলাইছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিছে।
গুৰুতভাৱে আহত আৰক্ষীকেইজনৰ লগতে স্থানীয় ব্যক্তি পৱন গগৈক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।
ইতিমধ্যে গুৰুতৰভাৱ আহত ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক চিকিৎসকে অতি সংকটজনক ঘোষণা কৰিছে। শেহতীয়া খবৰ মতে গুৰুতৰভাৱে আহত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চৈতন্য মালাকাৰৰ মৃত্যু হৈছে ।
—————
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
