কামৰূপ, ২৭ জুলাই (হি.স.)। ৰঙিয়াৰ তিনিআলি চ’কৰ শিৱ মন্দিৰত যোৱা নিশা দুৰ্বৃত্তই লণ্ড-ভণ্ড কৰে মন্দিৰৰ সামগ্ৰী। মন্দিৰ চৌহদত ত্ৰিশূল ভাঙি দলিয়াইছিল দুৰ্বৃত্তই। এই ঘটনাই ব্য়াপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পাছতে মন্দিৰত আজি উপস্থিত হয় স্থানীয় বিধায়ক ভৱেশ কলিতা। মন্দিৰটো পৰ্যবেক্ষণ কৰে বিধায়ক ভৱেশ কলিতাই।
উল্লেখ্য যে, দুৰ্বৃত্তই জ্বলাই পেলাইছিল মন্দিৰ চৌহদত আঁৰি থোৱা বল বমৰ পতাকা। ৰঙিয়া তিনিআলিৰ ভূটান ৰোডত থকা পুৰণি এই শিৱ মন্দিৰটোত নিশাৰ ভাগত কোনো দুৰ্বৃত্তই চলাইছিল এই তাণ্ডৱ। এই ঘটনাক লৈ বৰ্তমানো সৃষ্টি হৈ আছে ৰহস্য আৰু চাঞ্চল্যৰ।
সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান চলাইছে যদিও এতিয়ালৈ মন্দিৰত তাণ্ডৱ চলোৱা দুৰ্বৃত্তৰ সন্ধান ওলোৱা নাই । শীঘ্ৰে দোষীক কৰায়ত্ব কৰাৰ বাবে প্ৰশাসনৰ ওচৰত দাবী জনাছে বিধায়ক গৰাকীয়ে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
