দক্ষিণ শালমাৰা,মানকাচাৰ, ১৮ আগষ্ট (হি.স.)। হাটশিঙিমাৰীৰ ভাৰত-বাংলা সীমান্ত সংযোগী পথত চৰম ভাবুকি ৷ গৰাখহনীয়াৰ সন্মুখীন বৰাইৰ আলগা বি এছ এফ কেম্প ৷ মাত্ৰ মিটাৰ দূৰত্বত ব্ৰহ্মপুত্ৰ নদীৰ প্ৰচণ্ড গৰাখহনীয়া ৷ যিকোনো মূহূৰ্তত জাহ যাব পাৰে সীমান্ত সংযোগী পথ ৷ সীমান্ত সংযোগী পথ খালি কৰাৰ বাবে ঘোষণা জিলা প্ৰশাসনৰ।
হাহাকাৰ ৰাইজৰ মাজত ৷ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসনে তৎপৰতাৰে কাম আৰম্ভ কৰিছে ৷ পথটো উটি গলে বানৰ কৱলত পৰিব মানকাচৰৰ শতাধিক গাঁও ৷
আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সুৰক্ষাৰ ক্ষেত্ৰতো অসুবিধাৰ সৃষ্টি হব। উল্লেখ্য যে, প্ৰায় দুই মাহ ধৰি হাটশিঙিমাৰীৰ কোকৰাডাঙা অঞ্চলত অব্যাহত আছিল ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া ৷ ইতিমধ্যে খহনীয়াত জাহ গৈছে কোকৰাডাঙা অঞ্চলৰ ৮ টা পৰিয়ালৰ বাসগৃহ ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
