কামৰূপ, ১১ নৱেম্বৰ (হি.স.)। ছয়গাওঁ থানাৰ অন্তৰ্গত জোৰশিমূলী জোৰশিমূলীত আৰক্ষীৰ অভিযান। জোৰশিমূলীৰ চাম্পপাৰা বজাৰত আজি আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি এক অভিযান চলাই খেদি খেদি আটক কৰে এজন তীৰ মাফিয়াক।
তীৰ মাফিয়া জহিৰুল ইছলামক আক্ষীয়ে আটক কৰাৰ লগতে তীৰ খেলাত ব্যৱহাৰিত তীৰৰ বুক দুটা, তীৰৰ ৰিজাল্ট চিট এখনৰ লগতে প্ৰায় ১৮ হাজাৰ টকা জব্দ কৰে। ধৃত জহিৰুল ইছলামৰ ঘৰ বকো থানাৰ অন্তৰ্গত কলহীকাষত বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ধৃত তীৰ মাফিয়া জনক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.
